June 28, 2025 10:56 PM

views 20

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত ‘সুৰৰে দেউলৰে’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আজি আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেচনৰ সহযোগত সুৰৰে দেউলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা চানমাৰিৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েচন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দিপক কুমাৰ দাস আৰু ছাদিক আনাম ৰহমানৰ তত্বাৱধানত প্ৰথমৰ পৰা পঞ্চম আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত দুটি শাখাত বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ সৈতে সংগতি থকা ছবি অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া চানমাৰিৰ অসম অভি...

June 4, 2025 1:57 PM

views 42

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ ১১ বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্রতিযোগিতা অনুষ্ঠিত হ'ব। লেখক, কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্যৰ পৰিচালনাত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় কুইজ প্রতিযোগিতা অ...