September 12, 2025 6:58 PM

views 25

আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভাগ ল’বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব। বিয়লি পাঁচ বাজি ১০ মিনিটৰ পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ সন্ধিয়া পাঁচ বাজি ১৫ মিনিটত প্ৰচাৰিত হ'বলগীয়া বিয়লিৰ আঞ্চলিক বাতৰি আৰু সন্ধিয়া ছয় বজাত প্ৰচাৰিত হ'বলগীয়া সন্ধিয়াৰ উজনি অসমৰ বাতৰি প্ৰচাৰিত নহয়।