May 11, 2025 7:05 PM

views 41

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় বায়ুসেনা বাহিনীক দিয়া দায়িত্ব অত্যন্ত নিষ্ঠা সহকাৰে পালন কৰিছে বুলি প্ৰকাশ

ভাৰতীয় বায়ুসেনা বাহিনীয়ে কৈছে যে অপাৰেচন সিন্দুৰৰ অধীনত বাহিনীক দিয়া দায়িত্ব অত্যন্ত নিষ্ঠা সহকাৰে পালন কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বাহিনীয়ে কয় যে ৰাষ্ট্ৰীয় নীতি অনুসৰি নিৰ্দিষ্ট পদ্ধতিৰে অভিযান চলোৱা হৈছিল। অপাৰেচন সিন্দুৰৰ অধীনত অভিযান অব্যাহত আছে বুলি উল্লেখ কৰি বাহিনীয়ে বাৰ্তাটোত কয় যে সমস্ত অভিযানৰ বিস্তাৰিত ব্যাখ্যা শীঘ্ৰেই দিয়া হ'ব। যিকোনো ভুৱা আৰু অপৰিক্ষীত তথ্যৰ পৰা আঁতৰি থাকিবলৈ বাহিনীয়ে সকলোকে আহ্বান জনায়।

April 20, 2025 8:56 PM

views 50

Desert Flag-10 অনুশীলনৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত উপস্থিত

Desert Flag-10 অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ আল ধাফ্ৰাৰ বায়ুঘাটিত উপস্থিত হৈছে। সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ বায়ুসেনাই আয়োজন কৰা এই অনুশীলনত অস্ট্রেলিয়া, বাহৰেইন, ফ্রান্স, জার্মানী, তুৰস্ক, কাটাৰ, চৌদি আৰৱ, কোৰিয়া সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, ব্ৰিটেইন আৰু আমেৰিকাৰ বায়ুসেনা বাহিনীয়েও অংশগ্ৰহণ কৰিছে। কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া এই অনুশীলন অহা ৮ মে'ত সামৰণি পৰিব।

October 7, 2024 2:48 PM

views 75

চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু

তামিলনাডুৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী এম সুব্রমন্যমে কালি চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু ঘটা বুলি সদৰি কৰে। চেন্নাইত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰচণ্ড গৰমৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। বায়ু প্ৰদৰ্শনীৰ বাবে গ্ৰহণ কৰা সকলো ধৰণৰ ব্যৱস্থাৰ বিষয়ে তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ লগতে প্ৰদৰ্শনীৰ সময়ছোৱাত যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে চিকিৎসকৰ দলো সাজু কৰি ৰখা হৈছিল বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে, জৰুৰীকালীন পৰিস...