June 16, 2025 1:11 PM

views 29

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ডি এন এ পৰীক্ষাৰ যোগেদি গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীসহ এই পর্যন্ত ৮০ জন যাত্ৰীৰ মৃতদেহ চিনাক্ত কৰা হৈছে বুলি হাস্পতাল কৰ্তৃপক্ষই প্রকাশ কৰিছে। ইতিমধ্যে ৩৩ গৰাকী যাত্ৰীৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালবৰ্গক চমজাই দিয়া হৈছে। গুজৰাট চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যুৰ পাছত আজি ৰাজ্যিক শোক পালন কৰিছে। আজি সন্ধিয়া ৰাজকোটত ৰাজ্যিক মর্যাদাৰে প্ৰয়াত নেতাজনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ'ব।

June 16, 2025 1:07 PM

views 40

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তকাৰী বিষয়াসকলে দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ ককপিট ভইচ ৰেকৰ্ডাৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে বুলি নিশ্চিত কৰিছে। এই ব্লেক বক্সে বিমান দুর্ঘটনাটোৰ সম্ভাৱ্য কাৰণ বিচাৰি উলিওৱাত সহায় কৰিব। এই পর্যন্ত আহমেদাবাদৰ বিমান দুর্ঘটনাত ২৪১ জন যাত্রীসহ মুঠ ২৭০ জনৰ প্ৰাণহানি হৈছে। ইয়াৰ পূৰ্বে বিমান দুর্ঘটনা তদন্তকাৰী সংস্থা এএআইবিয়ে দুর্ঘটনাস্থলীৰ পৰা কেৱল ফ্লাইট ডাটা ৰেকৰ্ডাৰ- এফ ডি আৰ উদ্ধাৰ হৈছে বুলি নিশ্চিত কৰিছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব পি কে ম...

June 14, 2025 8:07 PM

views 48

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন

আহমেদাবাদত পৰহি সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ শোকাবহ দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছে আৰু সমিতিখনে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৱে আজি এখন সংবাদমেল যোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেকবক্স ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ পৰাই দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে সকলো তথ্য পোৱা যাব। তেওঁ কয়, যে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে ৩৪ খন বোয়িং 787 বিম...