May 30, 2025 10:16 AM

views 17

ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত কৃষকসকলক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ অভিযোগ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কংগ্ৰেছে ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত কৃষকসকলক বিপথে পৰিচালিত কৰা বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ কৰিছে। বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছৰ শাসনকালত সকলো শস্যৰ ন্যূনতম সমর্থন মূল্য উৎপাদন ব্যয়ৰ তুলনাত সামান্য অধিক আছিল কিন্তু বিজেপি চৰকাৰে সমৰ্থন মূল্য যথেষ্ট বৃদ্ধি কৰিছে বুলি দাবী কৰে। তেওঁ কয় যে, চৰকাৰে ন্যূনতম সমৰ্থন মূল্যকে ধৰি কৃষকসকলৰ পাৰিশ্ৰমিকৰ গোটেই ব্যৱস্থাটো শক্তিশালী কৰি তুলিছে। তেওঁ কয়, যে বর্তমান চৰকাৰে ন্যূনতম সমৰ্থন মূল্যৰ বাবদ খেতিয়কসকলক ২৩ লাখ কোটি টকা আদায়...