September 15, 2026 12:05 PM
16
অহা ৫ বছৰত ৪ লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি ৰাজ্যৰ কৃষি বিভাগৰ প্ৰকাশ
ৰাজ্যৰ কৃষি বিভাগে অহা ৫ বছৰত ৪ লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৫ বছৰত ২০ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষকসকলক উপকৃত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰা বুলি কৃষিমন্ত্রী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। যোৰহাটত কালি কৃষি মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰি কয়, যে বৰ্তমান ৰাজ্যত মাত্র ২১ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। তেনেক্ষেত্ৰত মুঠ ৪১ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি তেওঁ কয়। নগাঁও লোকসভাৰ উপ- নিৰ্বাচ...