November 12, 2025 8:55 PM

views 66

জুবিন গাৰ্গৰ জন্মদিনটো ৰাজ্যজুৰি জাতীয় স্বাভিমান দিৱস হিচাপে পালনৰ সিদ্ধান্ত অগপৰ

অসম গণ পৰিষদ দলে অহা ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনটো ৰাজ্যজুৰি জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত আজি আমবাৰীৰ দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক মনোজ শ‍ইকীয়াই কয়, যে সেইদিনা প্ৰতিখন বিধানসভা সমষ্টিতে অগপৰ জিলা সমিতিয়ে বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰিব। সেইদিনা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই নাহৰ পুলি ৰোপণ, প্ৰকৃতিৰ বন্ধু আৰু কিতাপৰ বন্ধুক সম্বৰ্ধনা, জুবিন গাৰ্গৰ গীত পৰিৱেশনৰ উপৰি সন্ধিয়া দলীয় কার্যালয় আৰু ৰাজহুৱা স্থানত বন্তি প্ৰ...