August 11, 2025 8:39 PM

views 46

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নে’ফিউ ৰিঅ’ৰ সৈতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বৈঠক

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি নাগালেণ্ডৰ ডিমাপুৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা নেচনেলিষ্ট ডেম’ক্রেটিক প্ৰগেছিভ পাৰ্টিৰ প্ৰতিষ্ঠাপক নে’ফিউ ৰিঅ'ক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত অগপৰ সভাপতি শ্ৰীবৰাই সামাজিক মাধ্যমযোগে কয়, যে ৰিঅ'ৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাত নাগালেণ্ডৰ সৈতে অসমৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হৈছে। নাগালেণ্ডত শান্তি আৰু উন্নয়নৰ প্ৰতি ত্বৰান্তিত কৰাৰ দিশত ৰিঅ'ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও অগপৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে অসমৰ শুভাকাংশী ৰি...