November 10, 2025 7:32 PM

views 72

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য হৈছে। আজি তৃতীয় দিনৰ খেলৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত তিনি উইকেটৰ বিনিময়ত ৭৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগতে ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৬০২ ৰানৰ প্ৰত্যুত্তৰত অসমে প্রথম ইনিংছত ২৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। অসমৰ হৈ শিৱশংকৰ ৰয়ে সৰ্বোচ্চ ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনৰ এটা দিন বাকী থকা অৱস্থাত অসম এতিয়াও ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৰান সংখ্যাতকৈ ২৮৬ ৰানত পিছ পৰি আছে।

August 13, 2025 12:20 PM

views 55

আগৰতলাৰ প্ৰজ্ঞা ভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস আয়োজন

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিভাৱকসকলে সন্তানক বিশেষ গুৰুত্ব দিব লাগে। ত্ৰিপুৰা ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আগৰতলাৰ প্ৰজ্ঞা ভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কালি এইদৰে প্ৰকাশ কৰে। এইচ আই ভি তথা এইডছৰ বিৰুদ্ধে সজাগ হোৱাৰ লক্ষ্যৰে বিদ্যালয়- মহাবিদ্যায়ত ৰেড ৰিবন ক্লাব বৃদ্ধিতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। সকলোৱে একেলগে কাম কৰিলে ত্ৰিপুৰাক এইচ আই ভি মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যাব বুলি ...