December 12, 2024 11:58 AM

views 29

আফগানিস্তানৰ কাবুলত শৰণাৰ্থী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী খলিল ৰহমান হাক্কানী আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত

আফগানিস্তানৰ কাবুলত শৰণাৰ্থী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী খলিল ৰহমান হাক্কানী তেওঁৰ কাৰ্যালয়ৰ ভিতৰত কালি আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত হয়। মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ত ব্যস্ত হৈ থাকোতেই ভ্ৰমণকাৰীৰ ৰূপত আত্মঘাতী বোমাৰুজনে বোমাটো সক্ৰিয় কৰাৰ লগে লগে তেওঁৰ মৃত্যু হয়। এই বিস্ফোৰণত আন ৬ জন লোকো নিহত হয়। কোনো লোক বা সংগঠনে এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে স্বীকাৰ কৰা নাই। অভ্যন্তৰীণ মন্ত্ৰ্যালয়ে হাক্কানীৰ মৃত্যুক তালিবানসকলে আইছিছ উগ্রপন্থীক বুজাবলৈ ব্যৱহাৰ কৰা ঘাৱাৰিজসকলৰ দ্বাৰা সংঘটিত হিংসাত্মক আক্রম...