August 20, 2025 9:07 PM

views 54

আফগানিস্তানৰ হেৰাট প্ৰদেশত সংঘটিত পথ দুৰ্ঘটনাত ৭৯জন লোকৰ মৃত্যু

আফগানিস্তানৰ হেৰাট প্ৰদেশত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত বৰ্তমানলৈ ৭৯জন লোকৰ মৃত্যু হৈছে। এখন যাত্রীবাহী বাছ, মটৰ চাইকেল আৰু মিনি ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত শিশু, মহিলা আৰু ইৰাণৰ পৰা উভতি অহা বহু আফগান শৰণাৰ্থী দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ পাছতেই বাছখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত বহু লোকৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।