February 10, 2025 8:03 PM

views 47

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতাভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়ত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আজিৰ এই বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মন্ত্রী পীযূষ হাজৰিকাই আজি এই সন্মিলনৰ অংশ হিচাপে ...

January 29, 2025 8:39 PM

views 51

এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমক বিনিয়োগৰ থলী আৰু দেশৰ শীৰ্ষৰ ৰাজ্যসমূহৰ অন্যতমৰূপে গঢ়ি তোলাৰ লক্ষ্যত অটল হৈ আছে। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা কোম্পানী বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে আসন্ন এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ ৫ খন সহযোগী ৰাষ্ট্ৰ আৰু এই বিনিয়োগ সন্মিলনত অংশগ্রহণ কৰিবলগীয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ উদ্যোগপতিসকলৰ সৈতে এই লক্ষ্য...

January 16, 2025 1:41 PM

views 62

ডুবাইত ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ মন্ত্রী বিমল বৰাৰ

■ সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি ডুবাইৰ এটা ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ চলায়। সম্ভাৱ্য বিনিয়োগকাৰীসকলক উৎসাহিত কৰিবলৈ এই ৰোড শ্ব’ত অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডুবাইৰ হিলটন হোটেলত আয়োজিত এখন বিনিয়োগকাৰীৰ বৈঠকতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমে পৰম্পৰাগত উদ্যোগৰ পৰা অত্যাধুনিক প্রযুক্তিগত সা-সুবিধালৈকে বিভিন্ন উদ্যোগ আৰু উদ্ভাৱন খণ্ডত বিনিয...

January 15, 2025 10:16 AM

views 67

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ দেশী-বিদেশী উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এই সন্মিলনলৈ আমন্ত্রণ জনায়। এই উদ্দেশে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপ-মন্ত্ৰী উইছন ওগাক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ডিজিটেল উপ-মন্ত্ৰী উইছন ওগাৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত...

January 5, 2025 11:00 AM

views 42

সোমবাৰে মুম্বাইত এডভাণ্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব

অসমত এডভান্টেজ আছাম দ্বিতীয় তথা বিনিয়োগৰ সম্ভাৱনীয়তা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত দেশৰ আগশাৰীৰ উদ্যোগিক প্রতিষ্ঠান- টাটা গ্ৰুপৰ অধ্যক্ষ আৰু আন শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন, টাটা কঞ্জিউমাৰৰ মুখ্য কাৰ্যবাহী বিষয়া সুনীল ডিছুজা, টাটা পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰবীৰ সিনহা, টাটা ইলেকট্রনিক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ৰনধীৰ ঠাকুৰকে ধৰি কোম্পানীটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত মুখ্যন্ত্ৰীয়ে অসমত বিভিন্ন ...

December 28, 2024 11:40 AM

views 48

এডভান্টেজ আছাম সন্মিলনত ৮০০০ নৃত্য শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া এডভান্টেজ আছাম সন্মিলনত ৮ হাজাৰ নৃত্য শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি লগতে কয়, যে এডভান্টেজ আছাম বিনিয়োগ সন্মিলন আৰু আন্তঃগাঁথনি ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ঘৰুৱা তথা বিদেশ বিনিয়োগকাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হ'ব। অসমৰ বৰ্তমানৰ পৰিৱৰ্তিত পৰিৱেশ তথা দৃশ্যপট তেওঁলোকৰ আগত উপস্থাপন কৰাৰ লক্ষ্য লোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ ...

November 24, 2024 6:49 PM

views 40

গুৱাহাটীত ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

গুৱাহাটীত অহা বছৰৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব। দিছপুৰত আজি অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি লগতে কয় যে দুদিনীয়া বিনিয়োগ সন্মিলনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। বিনিয়োগ আৰু আন্তঃগাঁথনিত গুৰুত্ব আৰোপ কৰি হবলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত পথ পৰিবহণ, কৃষি, ঔদ্যোগিক, ৰে’লৱে, হাইড্ৰকাৰ্বন উদ্যোগ, অসামৰিক বিমান সেৱা, নৱীকৃত আন্তগাঁথনি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। ৰাজ্যখনত বিনিয়োগকাৰীক আকৰ্ষিত ...