February 26, 2025 11:35 AM

views 76

অসমে অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণৰ দ্বাৰা ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিবঃ ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে সম্প্রতি অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণ কৰিছে আৰু ই ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিব। দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত কালি বিকশিত ভাৰতবৰ্ষৰ লক্ষ্যপ্রাপ্তিৰ বাবে অসমত ছেমিকণ্ডাক্টৰ খণ্ডক আগুৱাই নিয়া শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। জাগীৰোডত নিৰ্মিয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পত চলিত বৰ্ষৰ পৰা উৎপাদন আৰম্ভ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই প্ৰকল্পত থলুৱা প্ৰযুক্তি ব্...

February 24, 2025 7:57 PM

views 52

এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ- পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন,...

February 24, 2025 6:52 PM

views 43

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন, ...

February 14, 2025 6:45 PM

views 55

বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিয়া হ’বঃ বিমল বৰা

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিনিয়োগকাৰীক আদৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি বিদেশী বিনিযোগকাৰীক বিমান বন্দৰৰ পৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে আদৰণি জনোৱা হ'ব। বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে। থলুৱা বিনিয়োগকাৰীয়ে ৰাজ্য চৰকাৰৰ সৈতে ৫ লাখ টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্র উদ্যোগীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ যথেষ্ট সঁহাৰি লাভ কৰা বু...

February 11, 2025 2:16 PM

views 55

Advantage Assam 2.0: ছিংগাপুৰত চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে আলোচনাত মিলিত হয়। ড০ শর্মাই বিষয়াগৰাকীৰ সৈতে অনাগত দিনত অসমক নগৰ উন্নয়নৰ লক্ষ্যৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতামূলক প্রচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। মুখ্যমন্ত্রীয়ে উদ্যোগপতিসকলক জাগীৰ...

January 6, 2025 6:14 PM

views 76

অসমৰ মুঠ ঘৰুৱা উৎপাদন ২০২৩-২৪ বৰ্ষত ৬৮.৭৮ বিলিয়ন ডলাৰৰ অধিক হৈছে : মুখ্যমন্ত্ৰী

অসমৰ মুঠ ঘৰুৱা উৎপাদন ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৮ দশমিক ৭-৮ বিলিয়ন ডলাৰৰো অধিক হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আসাম শীর্ষক দ্বিতীয় পৰ্যায়ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ বাবে এটা ৰোড শ্বত অংশ লোৱাৰ পূৰ্বে সংবাদ মাধ্যম আৰু বিভিন্ন উদ্যোগ জগতৰ প্ৰতিনিধিৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এসময়ত উগ্ৰপন্থী সমস্যা আৰু অশান্তি জৰ্জৰিত কৰা অসমত সম্প্ৰতি ইতিবাচক ৰূপান্তৰ ঘটিছে। তেওঁ লগতে এডভান্টেজ আসাম শীৰ্ষ সন্মিলনৰ বি...