January 11, 2026 8:18 PM

views 25

এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। এ.ডি.আৰ.ইত উত্তীৰ্ণ তৃতীয় বৰ্গৰ ৬৩৪৭ গৰাকী প্ৰাৰ্থীক কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুৰ্নীতিৰ আশ্ৰয় নল'বলৈ আহ্বান জনায়। ...

January 9, 2026 7:49 PM

views 30

এ ডি আৰ ইত উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীৰ্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্র...