June 10, 2026 6:56 PM

views 25

বিশ্ব যোগাসন চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা আদৃত কাশ্যপক যোৰহাটত আদৰণি

গুজৰাটৰ ট্ৰান্স ষ্টেডিয়ামত যোৱা ৪ জুনৰ পৰা অনুষ্ঠিত প্রথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ ১৪ বছৰ অনুর্ধ শাখাত সোণৰ পদক অৰ্জন কৰা আদৃত কাশ্যপক আজি যোৰহাটত আদৰণি জনোৱা হয়। মৰিয়নীৰ প্ৰতিভাৱান কিশোৰ আদৃত কাশ্যপে প্রথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত স্বর্ণ পদক লাভ কৰি অসম তথা যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্ব যোগাসন, যোগাসন ভাৰত, ছাই আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে যৌথভাৱে এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।