June 5, 2026 12:06 PM

views 26

চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক

উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। ...