August 17, 2024 7:06 PM

views 22

অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ

NEET, JEE, CUET –কে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত আধাৰ নম্বৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকললৈ যাৱতীয় তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দি জাননী প্ৰেৰণ কৰিছে। নিৰ্দেশ অনুসৰি বিদ্যালয়সমূহক ৫ বছৰৰ পৰা ৭ বছৰ আৰু ১৫ বছৰৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, আধাৰ শিবিৰ স্থ...