February 14, 2025 6:40 PM

views 70

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ মৃত্যু বার্ষিকী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ মৃত্যু বার্ষিকী পালন কৰা হৈছে। ১৯৮০ চনৰ আজিৰ দিনটোতে কলংপৰীয়া গীতিকাৰ হিচাপে পৰিচিত ৰুদ্ৰ বৰুৱাৰ দেহাৱসান ঘটিছিল। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰী সোণোৱালে সামাজিক মাধ্যমযোগে কৈছে যে, ৰুদ্ৰ বৰুৱাৰ কালজয়ী গীতসমূহত কেঁচা মাটিৰ গোন্ধ সংমিশ্ৰিত হৈ আছে। অসমৰ তাহানিৰ জনজীৱনৰ বিভিন্ন দিশৰ প্ৰতিফলনেৰে মাদকতাপূৰ্ণ ৰুদ্ৰ বৰুৱাৰ গীতসমূহ শুনিলে শুনি থাকিবৰ মন যায় বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷