December 23, 2025 1:27 PM

views 28

বৰপেটাৰ চেঙাত ঘন কুঁৱলীৰ বাবে হোৱা পথ দুৰ্ঘটনাত মটৰচাইকেল আৰোহীৰ মৃত্যু; বোকাজানৰ শুকানজানত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

বৰপেটা জিলাৰ চেঙাত ঘন কুঁৱলীৰ বাবে হোৱা এটা পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহীৰ মৃত্যু হয়। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বৰমাৰা গাঁৱৰ নুৰ মহম্মদ নামৰ মটৰ চাইকেল আৰোহীজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে, কার্বি আংলং জিলাৰ বোকাজানৰ শুকানজানত কালি নিশা ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। জানিব পৰা মতে ডিমাপুৰৰ দিশৰ পৰা গোলাঘাটৰ দিশে গৈ থ...