March 14, 2025 8:14 PM

views 24

এবছুৰ ৫৭ সংখ্যক কেন্দ্রীয় অভিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কোকৰাঝাৰ জিলাৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক কেন্দ্রীয় অভিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড অঞ্চলৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণ আৰু বিকশিত ভাৰত বিষয়বস্তুৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা মত বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই মত বিনিময় কাৰ্যসূচীত ডাঃ পেগুৱে প্রগতিশীল বিটিআৰ আৰু বিকশিত ভাৰতৰ প্ৰতি অৰিহণা আগবঢ়োৱাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ সামুহিক প্ৰচেষ্টাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।