October 12, 2026 12:05 PM
2
হিমাশ্রী বড়োৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি মম শিখা সমদল কাৰ্যসূচী ৰূপায়ণ
বহিঃৰাজ্যত মৃত্যুক আঁকোৱালী লোৱা হিমাশ্রী বড়ো নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত তথা নাৰীৰ মৰ্যাদা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই কালি সন্ধিয়া ৰাজ্যজুৰি মম শিখা সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত গুৱাহাটী মহানগৰ সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে। উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা লতাশিলৰ মূল প্রবেশদ্বাৰলৈকে হাতে হাতে মমবাতি লৈ প্রতিবাদকাৰীসকলে হিমাশ্রী বড়োৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়। বজালীতো জিলা ছাত্র সন্থাই বাগনা চ'কৰ শ্...