September 21, 2024 9:11 PM

views 26

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আম আদমী পাৰ্টিৰ নেতা আতিশীৰ শপতগ্ৰহণ

আম আদমী পাৰ্টিৰ নেতা আতিশীয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজনিৱাসত অনুষ্ঠিত এটা অনুষ্ঠানত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ উপস্থিতিত আতিশী আৰু তেওঁৰ মন্ত্ৰী পৰিষদে শপতগ্ৰহণ কৰে। দলৰ নেতা গোপাল ৰায়, কৈলাশ গেহলট, সৌৰভ ভৰদ্বাজ, ইমৰান হুছেইন আৰু মুকেশ এহলাৱৰ্টেও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। আতিশী হৈছে কালকাজি সমষ্টিৰ বিধায়ক। বিজেপিৰ সুষমা স্বৰাজ আৰু কংগ্ৰেছৰ শীলা দিক্ষীতৰ পাছত আতিশীয়ে দিল্লীৰ তৃতীয়গৰাকী মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিলে। উল্লেখযোগ্য যে এই সপ্তাহ...