January 16, 2025 8:06 PM

views 63

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰীৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়ে কোনো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই যদিও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মচাৰী সংগঠনসমূহৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত অষ্টম দৰমহা আয়োগ গঠনত সন্মতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে সপ্তম দৰ...