May 21, 2024 6:59 PM

views 47

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিত প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ২৫ মে'ত আৰু ১ জুনত হ'বলগীয়া ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৫৭ টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীৰ গান্ধী ময়দানত এখন নির্বাচনী সভাত ভাষণ দিয়ে। প্রধানমন্ত্ৰীয়ে ভাষণত কংগ্ৰেছক এটা পৰিয়ালকেন্দ্ৰিক দল বুলি অভিহিত কৰাৰ লগতে দলটোৱে মাত্ৰ এটা পৰিয়ালৰ স্বাৰ্থ সিদ্ধিৰ হকে কাম...