January 20, 2025 8:59 PM

views 29

ছুইজাৰলেণ্ডৰ দাভোছোত বিশ্ব অর্থনৈতিক ফ’ৰামৰ ৫৫সংখ্যক বাৰ্ষিক অধিৱেশন

ছুইজাৰলেণ্ডৰ দাভোছোত আজিৰে পৰা বিশ্ব অর্থনৈতিক ফ'ৰামৰ ৫৫সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বিশ্বৰ ১৩০ খন দেশৰ প্ৰায় ৩ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনত বিশ্বৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা, নতুন প্ৰযুক্তিৰ প্ৰয়োগ, সামাজিক আৰু অৰ্থনৈতিক সমতাৰ সৈতে বিকাশ সম্পৰ্কত আলোকপাত কৰা হ'ব। বিশ্বৰ ৩৫০ খন দেশৰ চৰকাৰৰ মুৰব্বীসকলে অংশগ্রহণ কৰিবলগীয়া এই অধিৱেশনত তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, অসামৰিক বিমান পৰিবহণ মন্ত্রী কে ৰামমোহন ৰাও, জলশক্তি মন্ত্ৰী চি আৰ পাটিল, খাদ্য প্ৰসংস্কৰণ আৰু উ...