January 21, 2025 9:24 PM

views 28

উত্তৰ-পশ্চিম তুৰস্কৰ এখন হোটেলত সংঘটিত অগ্নিকাণ্ডত ৬৬জন লোক নিহত, ৫১জন আহত

উত্তৰ-পশ্চিম তুৰস্কৰ এখন হোটেলত আজি পুৱা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত কমেও ৬৬ জন লোক নিহত হয় আৰু ৫১ জন আহত হয়। তুৰস্কৰ আভ্যন্তৰীণ সুৰক্ষা বিষয়ক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশখনৰ বলু প্ৰদেশৰ কাৰতালকায়া নামৰ ঠাইখনত থকা এই বিলাসী হোটেলখনত সেই সময়ত ২৩৪ গৰাকী অতিথি আছিল। জুই লগাৰ কিছু সময়ৰ ভিতৰত হোটেল কৰ্তৃপক্ষই প্রায় ২০০ লোকক বাহিৰলৈ উলিয়াই আনিবলৈ সমর্থ হয়। ১২ মহলীয়া হোটেলখনত শীতৰ বন্ধৰ সময়ত ভালেসংখ্যক পৰ্য্যটকৰ আগমণ হৈছিল। হোটেলখনৰ ওপৰ মহলাৰ পৰা জপিয়াই প্ৰাণ বচাবলৈ চেষ্টা কৰা দুজ...