February 4, 2025 7:04 PM

views 16

৪০০গৰাকী পাকিস্তানবাসী হিন্দু আৰু শিখ লোকৰ চিতাভস্ম ভাৰতলৈ অনা হৈছে

যোৱা এক দশকৰো অধিক কালত মৃত্যু হোৱা ৪০০ পাকিস্তানবাসী হিন্দু আৰু শিখ লোকৰ চিতাভস্ম ভাৰতলৈ অনা হৈছে। আট্টাৰি-ৱাঘা যৌথ পহৰা চকীৰে অনা এই চিতাভস্ম হৰিদ্বাৰত গংগা নদীত বিসর্জন দিয়া হ'ব। এই চিতাভস্মখিনি গংগাত বিসৰ্জনৰ বাবে ২০১১ চনৰ পৰা পাকিস্তানৰ সংশ্লিষ্ট পৰিয়ালকেইটাই সংৰক্ষণ কৰি ৰাখিছিল ৷ পাঞ্জাব আৰক্ষীৰ প্রটোকল বিষয়া অৰুণ মাহালে আমাৰ জলন্ধৰৰ সংবাদদাতাক জনোৱা অনুসৰি ৩৫০ গৰাকী হিন্দু আৰু ৫০ গৰাকী শিখ লোকৰ চিতাভস্ম পাকিস্তানৰ পৰা অনা হৈছে। এই চিতাভস্মখিনি কৰাচীত থকা পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিত...