January 10, 2025 8:50 PM

views 21

কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক; কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ

আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ আজি কাজিৰঙাত অনুষ্ঠিত দ্বিতীয়খন বৈঠকত এহেজাৰ ৪০০ কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে অসম তথা দেশৰ আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডৰ কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰ পৰা পাণ্ডু বন্দৰলৈ সংযোগী পথ, ১৬ নম্বৰ অৰ্থাৎ‍ বৰাক আৰু দুই নম্বৰ অৰ্থাৎ‍ ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথত চলাচলৰ বাবে ১২ খন জাহাজ ক্রয়, বৰাক নদীৰ বাবে এখন জৰীপ জাহাজ ক্রয় আদি বিভিন্...