November 8, 2025 12:54 PM

views 87

২০২৮ চনত লছ এঞ্জেলেছত হ’বলগীয়া অলিম্পিক গেমছত পুৰুষ-মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত

২০২৮ চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিক গেমছত পুৰুষ আৰু মহিলাৰ টি-২০ ক্রিকেট খেল অন্তর্ভুক্ত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চি এয়ে প্ৰকাশ কৰিছে। প্ৰতিটো শাখাতে ছটাকৈ দল থাকিব। এটা শতিকাৰো অধিক সময়ৰ পাছত ক্ৰীড়াৰ গোলকীয় সম্প্ৰসাৰণৰ দিশত ঐতিহাসিক মাইলৰ খুটি হিচাপে ২৮ খন খেল অন্তৰ্ভুক্ত কৰা হৈছে। ১২৮ বছৰ পূৰ্বে ১৯০০ চনত পেৰিছত অনুষ্ঠিত অলিম্পিক গেছমত প্ৰথমবাৰৰ বাবে ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল য'ত গ্রেট ব্রিটেইনে ফ্ৰান্সক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছিল।