April 12, 2024 4:55 PM

views 77

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে অসমৰ ৮০ লাখৰো অধিক ভোটদাতা সাজু

অসমত ৮০ লাখৰো অধিক ভোটদাতাৰ উপৰি ৩০০ ভোটদাতা থকা এটা বিশেষ পৰিয়াল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে সাজু হৈ উঠিছে। শোণিতপুৰ সমষ্টিৰ অধীনৰ নেপালী পাম গাঁৱত থকা থাপা পৰিয়ালটোৱে বৃহৎ সংখ্যক ভোটদাতা থকাৰ অনন্য স্বীকৃতি লাভ কৰিছে। পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে ১৯০৬ চনত নেপালী পামত বসতি আৰম্ভ কৰাৰ পাছত তেওঁৰ পৰিয়ালৰ পাছৰ প্ৰজন্মৰ লোকসকলেও একেখন গাঁৱতে বাস কৰিব লৈ আৰম্ভ কৰে।