April 26, 2025 1:48 PM

views 28

ভাৰত ভ্ৰমণলৈ অহা ১৯১ গৰাকী পাকিস্তানী নাগৰিকৰ প্ৰত্যাৱৰ্তন

ভাৰত ভ্ৰমণলৈ অহা ১৯১ গৰাকী পাকিস্তানী নাগৰিকে কালি পাঞ্জাবৰ অমৃতচৰৰ আট্টাৰি-ৱাঘা সংহত চকীয়েদি নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সুৰক্ষা সমিতিয়ে সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে এই লোকসকলে নিজ দেশলৈ ঘূৰি যায়। ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে ২৮ জন লোক পাকিস্তানলৈ ঘূৰি যায়। ইপিনে চুবুৰীয়া দেশখনৰ পৰা মুঠ ২৮৭ গৰাকী ভাৰতীয় নাগৰিক দেশলৈ উভতি আহিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।