August 31, 2025 10:56 AM

views 14

ভাৰতৰ ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ৫০ টা সোণৰ পদক দখলেৰে ঐতিহাসিক সাফল্য অর্জন

কাজাখস্তানৰ ছিমকণ্ডত অনুষ্ঠিত ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতে ৫০ টা সোণৰ পদকেৰে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শীর্ষ স্থান দখল কৰি ঐতিহাসিক সাফল্য অর্জন কৰিছে। ভাৰতে প্ৰতিযোগিতাত ২৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জসহ মুঠ ৯৯ টা পদক লাভ কৰিছে। কাজাখস্তান পদক তালিকাৰ দ্বিতীয় আৰু চীন তৃতীয় স্থানত আছে। ভাৰতৰ অংকুৰ মিটলে কালি প্ৰতিযোগিতাৰ অন্তিম দিনত পুৰুষৰ ডাবল ট্রেপ শিতানত বিশ্ব অভিলেখ গঢ়ি সোণৰ পদক হস্তগত কৰে। একেদৰে এলাৱেনিল ৱালাৰিৱনে মহিলাৰ এয়াৰ ৰাইফলত এছিয় অভিলেখেৰে সোণৰ পদক অৰ্জন কৰে।...