August 10, 2026 7:05 PM

views 15

গোৱালপাৰা জিলাত ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি আছে। গোৱালপাৰা জিলা প্ৰশাসনে চহৰখনৰ জেটিএছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰিবলগীয়া স্বাধীনতা দিৱস উপলক্ষে পেৰেডৰ আখৰা চলি আছে।  অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে এই পেৰেডত অংশগ্ৰহণ কৰিব। ইপিনে, স্বাধীনতা দিৱস উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। স্থলপথৰ লগতে জল পথতো আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে।