June 10, 2025 12:08 PM

views 20

চৰকাৰৰ যোৱা ১১ বছৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীত আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ত আলোকপাত কৰা হৈছে। বিগত দশকটোত ভাৰতে সংহত পৰিৱেশৰ সৈতে জড়িত সংৰক্ষণৰ দ্বাৰা সৰ্বাত্মক বিকাশৰ বাবে এটা উন্নয়নৰ আৰ্হি প্ৰস্তুত কৰিছে। নদীসমূহৰ পুনৰুজ্জীৱিতকৰণেৰে পৰিৱশ তন্ত্ৰ উদ্ধাৰ কৰাৰ লগতে এটা সেউজ আন্তঃগাঁথনি সৃষ্টি কৰিছে। নমামি গংগা অভিযান হৈছে – পৃথিৱীৰ স...

June 8, 2025 9:15 PM

views 32

এন ডি এ চৰকাৰে কেন্দ্ৰত এঘাৰ বছৰ সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ দেশৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছেঃ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য যোগেশ সিঙ

এন ডি এ চৰকাৰে কেন্দ্ৰত এঘাৰ বছৰ সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ দেশৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি, উদীয়মান ভাৰতৰ বাবে পি এম বিদ্যালয়, সর্বশিক্ষা অভিযান, পি এম ই বিদ্যাৰ দৰে উল্লেখযোগ্য পদক্ষেপসমূহৰ জৰিয়তে দেশৰ শৈক্ষিক পাঠ্যক্ৰমৰ তাৎপৰ্যপূৰ্ণ বিকাশ হৈছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য যোগেশ সিঙে কয় যে এই যাত্ৰাত শিক্ষা আটাইতকৈ শক্তিশালী তথা সফল আহিলা হিচাপে পৰিগণিত হৈছে। নতুন শিক্ষানীতিয়ে শিক্ষা খণ্ডলৈ বহু পৰি...