June 26, 2026 1:45 PM

views 30

প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ

অসমে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ বিনামূলীয়া বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয়, যে ৰাজ্যৰ ১৭.৬ শতাংশ চাঁদত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।...

September 25, 2024 12:40 PM

views 58

ৰাজ্যত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে ১,১০০টা ঘৰৰ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন

ৰাজ্যত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে এহেজাৰ ১০০ টা ঘৰৰ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৩ হাজাৰ ৭২৩ কিলোৱাট উৎপাদন ক্ষমতাৰ সংযোজন ঘটিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু এই আঁচনিৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।