October 11, 2026 10:29 AM

views 12

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ চেন্নাইত ১৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইত ১৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰিব। প্রধানমন্ত্রীয়ে চেন্নাইত উপস্থিত হোৱাৰ পাছত প্রথমে প্রায় ৪৯০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চেন্নাই মেট' ৰে'ল সেৱা মুকলি কৰিব। তেওঁ লগতে পোৰুৰ বাইপাছ ষ্টেচনৰ পৰা পুনমল্লী বাইপাছ ষ্টেচনলৈ মেট্ৰ'ৰে যাত্রা কৰিব। পুনমল্লী-পোৰুৰ কৰিডৰত ৩৭০০ মিটাৰ দৈৰ্ঘ্যৰ ডাবল ডেকৰ পৰিকাঠামো নির্মাণ কৰা হৈছে। চালকবিহীন যাত্রা পৰিচালনা কৰাৰ বাবে এই পথছোৱা আধুনিক সংকেত প্রণালীৰে সু-সজ্জিত কৰি তোলা হৈছে। ভ্...