November 8, 2026 7:55 PM
5
সংযুক্ত আৰৱ আমিৰিৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন
সংযুক্ত আৰৱ আমিৰিৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ অল নাহয়ান আৰু উপ-ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন ৰাছিদ অল মাক্কামে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত ইংৰাজী, হিন্দী আৰু আৰৱী ভাষাত প্ৰকাশ কৰা এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোৰে সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰি কয় যে এই উৎসৱে সকলো জীৱনলৈ সুখ কঢ়িয়াই আনিব। ৰাষ্ট্ৰখনৰ উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীগৰাকীয়েও সামাজিক মাধ্যমযোগে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ডুবাইত অৱস্থিত বিখ্যাত বুশ্ব খালিফাত দীপাৱলী উপলক্ষে কালি হিন্দী ...