November 15, 2026 12:12 PM
3
ষট পূজা উপলক্ষে গুৱাহাটী যান-বাহন আৰক্ষীৰ কেতবোৰ নিষেধাজ্ঞা আৰোপ
গুৱাহাটী যান-বাহন আৰক্ষীয়ে ষট পূজা উপলক্ষে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি আজি দিনৰ ১১ বজাৰ পৰা কাইলৈ দিনৰ ১১ বজালৈ এম জি ৰ'ডত মাছখোৱা পইণ্টৰ পৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আবাসগৃহ পইন্টলৈ বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহন আৰু ৰিক্সা, ঘোঁৰাগাড়ীকে ধৰি ধীৰ গতিৰ বাহন চলাচল নিষিদ্ধ কৰা হৈছে। অৱশ্যে ভক্তসকলে পূজাৰ সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা ধীৰ গতিৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ'ব। ভক্ত আৰু পূজাৰ সামগ্ৰী কঢ়িওৱা বাহনৰ বাহিৰে আন কোনো বাহনক মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ আবা...