November 15, 2026 11:30 AM
7
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে নেতাগৰাকীলৈ শ্রদ্ধা নিবেদন
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে নেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কৰিছে। তেওঁ সামাজিক মাধ্যম যোগে এটা বার্তাত কয়, যে ভগৱান বীৰছা মুণ্ডাৰ অদম্য সাহস, দূৰদৰ্শী নেতৃত্ব আৰু আপোচ বিহীন সংগ্রামে জনজাতীয় সমাজৰ মাজত আত্মসন্মান, অধিকাৰ আৰু স্বাধীনতাৰ নতুন চেতনা জাগ্রত কৰিছিল। দেশ আৰু সমাজৰ প্ৰতি নেতাগৰাকীৰ ত্যাগ, বলিদান আৰু সংগ্ৰামৰ গৌৰৱোজ্জ্বল ইতিহাসে যুগে যুগে প্রতিটো প্ৰজন্মক অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ আৰু নিজৰ স্বাভিমান অধিকাৰ ৰক্ষাৰ বাবে অনুপ্রাণিত কৰিব।