November 8, 2026 11:57 AM

views 7

কৰ্কট ৰোগৰ ১৩৭ বিধ ঔষধৰ সংশোধিত মূল্য সোমবাৰৰ পৰা প্ৰযোজ্য হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

কেন্দ্ৰীয় চৰকাৰে কৰ্কট ৰোগৰ ১৩৭ বিধ ঔষধৰ সংশোধিত মূল্য সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় ভেষজ মূল্য নির্ধাৰণ প্ৰাধিকৰণ এন পি পি এয়ে অলপতে এই ঔষধসমূহৰ সৰ্বাধিক খুচুৰা মূল্যৰ ক্ষেত্ৰত ব্যৱসায়িক লাভৰ সীমা নির্ধাৰণ কৰিছিল। এই পদক্ষেপৰ ফলত ঔষধসমূহৰ মূল্য হ্রাস পাব বুলি আশা কৰা হৈছে।