October 4, 2026 12:30 PM
9
৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ পশ্চিমবংগৰ কলকাতাত উনবিংশ প্রবাসী ভাৰতীয় দিৱস অধিৱেশন
উনবিংশ প্রবাসী ভাৰতীয় দিৱস অধিৱেশন অহা বছৰৰ ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হ'ব। পশ্চিম বংগ চৰকাৰৰ সহযোগত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এই অধিৱেশনৰ আয়োজন কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অধিৱেশনত প্রবাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰবাসী ভাৰতীয়, প্রবাসী যুৱ নেতা, উদ্যোগী, পেছাদাৰী, শিক্ষাবিদ, উদ্ভাৱক আৰু অন্যান্য অংশীদাৰসকল একত্ৰিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, ১৯১৫ চনৰ ৯ জানুৱাৰীত দক্ষিণ আফ্ৰ...