October 18, 2026 8:09 PM

views 18

ইৰাণৰ নৱনিযুক্ত প্ৰতিৰক্ষা মন্ত্রী মেহদাদ আখলঘীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক ইৰাণৰ ওপৰত পুনৰ আক্ৰমণৰ চিন্তা নকৰিবলৈ সকিয়াই দিছে

ইৰাণৰ নৱনিযুক্ত প্ৰতিৰক্ষা মন্ত্রী মেহদাদ আখলঘীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক ইৰাণৰ ওপৰত পুনৰ আক্ৰমণৰ চিন্তা নকৰিবলৈ সকিয়াই দিছে। তেওঁ কয় যে ইৰাণে আমেৰিকাৰ আক্ৰমণক প্রতিহত কৰিব পৰাকৈ এতিয়া শক্তিশালী হৈ উঠিছে আৰু নিজৰ সামৰিক শক্তি অধিক বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে মেহদাদ আখলঘীক আজি ইৰাণৰ সংসদে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তিত অনুমোদন দিয়ে। সংসদত ভাষণ দি আখলঘীয়ে কয় যে ইৰাণৰ ওপৰত কৰা প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিব পৰাকৈ ইৰাণ সাজু হৈ উঠিছে। ডনাল্ড ট্রাম্পক অঞ্চলটোৰ পৰা আমেৰিকাৰ সেনাবাহিন...