October 11, 2026 11:15 AM

views 2

অসম শিল্পী পেন্সন আৰু বিশেষ পৰিয়াল পেন্সন তথা বার্ষিক শিল্পী সন্মানৰ বাবে আহ্বান কৰা আবেদন পত্র দাখিলৰ সময়সীমা ২২ অক্টোবৰলৈ বৃদ্ধি

ৰাজ্য চৰকাৰে অসম শিল্পী পেন্সন আৰু বিশেষ পৰিয়াল পেন্সন তথা বার্ষিক শিল্পী সন্মানৰ বাবে আহ্বান কৰা আবেদন পত্র দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি প্রকাশ কৰা এটা বিজ্ঞাপন অনুসৰি আবেদন পত্র দাখিল সময়সীমা ২২ অক্টোবৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আবেদনকাৰীসকলে ২২ অক্টোবৰৰ নিশা ১২ বজাৰ ভিতৰত www.directorculture.assam.gov.in, www.silpisanmanassam.com ত অনলাইন পঞ্জীয়ন কৰিব পাৰিব। যিকোনো অসুবিধাৰ বাবে ৯৪০১১৮৩৯৯৬ নম্বৰত দিনৰ ১০ বজাৰ পৰা ৫ বজাৰ ভিতৰত সকলোৰে যোগাযোগ কৰি...