October 25, 2026 10:55 AM
4
অসমত ২০২৬-২৭ খাৰিফ বিপণন বৰ্ষত ৮ লাখ ৪৯ হাজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য
ৰাজ্য চৰকাৰে ২০২৬-২৭ খাৰিফ বিপনন বৰ্ষৰ প্ৰথম শস্য ৰোপণৰ সময়ছোৱাত ৮ লাখ ৪৯ হাজাৰ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্য ঠিৰাং কৰিছে। পহিলা নৱেম্বৰত এই ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অহা বছৰৰ ৩১ মে'লৈ অব্যাহত থাকিব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰে ৰাজ্যৰ ৩৫ খন জিলাত ধান ক্রয়ৰ বাবে ১৮১ টা কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে। ইয়াৰে ভিতৰত ১৬৯ টা কেন্দ্ৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে পৰিচালনা কৰিব। এই কেন্দ্ৰকেইটাৰ জৰিয়তে ৮ লাখ ৩০ হাজাৰ ৮০০ মেট্রিকটন ধান ক্ৰয়ৰ লক্...