April 3, 2024 1:51 PM

views 55

পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ আপৰ

♦ আম আদমী পাৰ্টীয়ে লোকসভা নিৰ্বাচনত পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। সেই অনুসাৰে ৰাজকুমাৰ চবেবৱালে হোচিয়াৰপুৰ আৰু মালৱিন্দ্ৰ সিং কাঙে আনন্দপুৰ চাহিব সমষ্টিৰপৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

April 3, 2024 1:43 PM

views 71

গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ কেন্দ্ৰৰ

♦ চৰকাৰে গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ লৈছে। এই সন্দৰ্ভত শক্তি আৰু নতুন তথা নবীকৰণযোগ্য শক্তিমন্ত্ৰী আৰ. কে. সিঙে গ্রীষ্মকালত শূন্য বিদ্যুৎ কর্তন সুনিশ্চিত কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি কালি নতুন দিল্লীত এলানি বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে তাপবিদ্যুৎ প্রক...

April 3, 2024 1:37 PM

views 53

কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই আবেদনৰ উত্তৰ দাখিল বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি দিল্লী উচ্চ ন্যায়ালয়ত সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই দিয়া আবেদনৰ উত্তৰ দাখিল কৰে। উত্তৰত সঞ্চালকালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰ বৈধ হিচাপে অভিহিত কৰি কয় যে তেওঁলোকে ক'লা ধন বৈধকৰণ ...

April 3, 2024 1:33 PM

views 90

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফৰ

♦ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইছলামাবাদৰ সংসদ ভৱনৰ বাহিৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুকীয়া পৃষ্ঠভূমি আছে। অৱশ্যে নিৰ্বাচনৰ পাছতহে এই সম্পর্ক উন্নত কৰিব প...

April 3, 2024 1:33 PM

views 104

অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব

♦ ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অনুমতিবিহীন শিক্ষানুষ্ঠানসমূহক নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিবলৈ ...

April 3, 2024 1:27 PM

views 110

এপিএছচি নিযুক্তি কেংলেকাৰি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত বিশেষ তদন্ত গোটৰ অনুসন্ধান

♦ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেংলেকাৰি সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবা ঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা-পোছা কৰে৷ তদন্ত গোটটোৰ বিষয়া...

April 3, 2024 1:25 PM

views 75

দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰা আৰু অন্যান্যসকলৰ পৰা প্ৰায় ৯ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত কৰিছে। বাজেয়াপ্ত কৰা সকলো স্থাৱৰ সম্পত্তি দিল্লীৰ। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত...

April 3, 2024 1:16 PM

views 93

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ’ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ অৰিন্দম বাগচিৰ

♦ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কালি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ'ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত দুয়োগৰাকী নেতাই গোলকীয় স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগিতাকে ধৰি পৰম্পৰাগত ঔষধ আৰু ডিজিটীয় স্বাস...

April 3, 2024 1:13 PM

views 79

IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাত বিন্দিয়া ৰাণী দেৱীৰ ব্ৰঞ্জৰ পদক

♦ ভাৰতত বিন্দিয়া ৰাণী দেৱীয়ে কালি থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কমনৱেলথ গেমছত ৰূপ পদক বিজেতা বিন্দিয়া ৰাণীয়ে মুঠ ১৯৬ কিলোগ্রাম ভাৰ উত্তোলন কৰি তৃতীয় স্থান দখল কৰে। উত্তৰ কোৰিয়াৰ কাং হ্যোন গ্যোঙে সোণৰ আৰু ৰোমা...

April 3, 2024 1:02 PM

views 70

আই পি এলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ২৮ ৰানত পৰাস্ত

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা বেংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৮ ৰানত পৰাস্ত কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰানহে কৰিবলৈ সমৰ...