December 18, 2025 12:58 PM

views 67

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১১ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী...

December 18, 2025 12:47 PM

views 47

অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয়: মুখ্যমন্ত্ৰী

● অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে। শ্রমিকসকলক কোনোধৰণৰ অনুমতি নোহোৱাকৈ এনেদৰে লৈ যোৱা তথা সামাজিক নিৰাপত্তা নথকা ব্যৱস্থাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও তেওঁ উল্লেখ কৰিছে। চাহ বাগানৰ পৰা মানৱ সৰবৰাহ কৰাৰ অভিযো...

December 18, 2025 12:26 PM

views 48

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা বাতৰি বি...

December 18, 2025 12:24 PM

views 40

মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন

● ডাঃ অমিতাভ চৌধুৰী স্মাৰক ন্যাসৰ উদ্যোগত কাইলৈ গুৱাহাটীৰ মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। বিয়লি পাঁচ বজাত হ'বলগীয়া এই অনুষ্ঠানত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল চায়েন্স চমুকৈ এইমচৰ প্ৰাক্তন অধ্যাপক তথা বিভাগীয় মুৰববী পদ্মশ্রী ডাঃ...

December 18, 2025 12:22 PM

views 50

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ বাবে আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ নিষেধাজ্ঞা বলৱৎ হৈ থকা ৭ খন জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ লক্ষণ চিনাক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ কথা বিবেচনা কৰিছে বুলি পশুপালন মন...

December 18, 2025 12:16 PM

views 58

২০ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

● দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব। প্রধানমন্ত্রী মোদীয়ে ২১ ডিচেম্বৰত জাতীয় জীৱন সংগ্ৰামৰ অমৰ ছহিদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে ...

December 18, 2025 1:18 PM

views 47

ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন আৰম্ভ

■ নতুন দিল্লীৰ ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন কালি আৰম্ভ হয়। অনুষ্ঠানত ভাষণ দি আয়ুষ মন্ত্রী প্রতাপৰাও যাধৱে পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ভাৰতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ সন্দৰ্ভত আলোকপাত কৰি গৱেষণা, গুণগত মান, আৰু বিশ্ব সহযোগিতা শক্তিশালী কৰাত গ...

December 18, 2025 12:13 PM

views 39

ৰাজ্য চৰকাৰে পৰৱৰ্তী বৰ্ষত কৃষকৰ পৰা ১০ লাখ মেট্রিকটন ধান ক্রয় কৰিব: মুখ্যমন্ত্রী

● ৰাজ্য চৰকাৰে পৰৱৰ্তী বৰ্ষত কৃষকৰ পৰা ১০ লাখ মেট্রিকটন ধান ক্রয় কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মৰাণত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে ধান ক্ৰয়ৰ পৰিমাণ প্ৰতিবছৰ বৃদ্ধি কৰি গৈছে। বিগত বৰ্ষত ৰাজ্য চৰকাৰে কৃষকৰ পৰা প্ৰায় ৮ লাখ ৫০ হাজ...

December 18, 2025 12:09 PM

views 61

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ ...

December 18, 2025 12:05 PM

views 54

বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি

● ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমৰো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়োদেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ...