কৃপানাথ মল্লাৰ হৈ কৰিমগঞ্জত মুখ্যমন্ত্রীৰ প্ৰচাৰ

◊ আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত আজি শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্রিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈকে সকলোকে আহ্বান জনায়। আনহাতে, বিত্তমন্ত্রী অজন্তা নেওগে যোৰহাটত সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমর্থনত আজি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই সভাকেইখনত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই অংশ লয়। ইপিনে, যোৰহাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ ব্যাপক প্ৰচাৰ অব্যাহত আছে। আজি প্ৰাৰ্থীৰ্গৰাকীয়ে সমষ্টিটোৰ ছখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

তেওঁ জিলাখনৰ চিকাৰীগাঁও আৰু নতুন বজাৰ তিনিআলিত প্ৰচাৰ অভিযানত অংশ লয়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্রার্থী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত ত্ৰয়োদশ শতিকাতে স্বৰ্গদেউ চুকাফাই বিভিন্ন জাতি-উপজাতিসমূহকলৈ বৰ অসম গঢ় দিয়াৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সবকা সাথ, সবকা বিকাশ নীতিৰে দেশখনক আগুৱাই লৈ গৈছে বুলি মন্তব্য কৰে। চিৰাং জিলাৰ বিভিন্ন অঞ্চলত আজি কোকৰাঝাৰ সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রার্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মটৰ চাইকেল সমদল উলিওৱা হয়। দলৰ কার্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে সমদলটো মুকলি কৰে। তামুলপুৰ জিলাৰ গোৰেশ্বৰত আজি কংগ্ৰেছ, বিপিএফকে ধৰি বিভিন্ন দলৰ কেইবাগৰাকী সদস্যই ইউপিপিএলত যোগ দিয়ে।

Read More News :

তৃতীয় পৰ্যায়ত নির্বাচন হ’বলগীয়া বৰপেটা সমষ্টিত আজি চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে প্ৰচাৰ অভিযান চলায়। তদুপৰি, কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই আজি ডিফুত দলৰ সমৰ্থকসকলক সাক্ষাৎ কৰে। শোণিতপুৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰাজু দেউৰীয়ে গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি চৰকাৰৰ কাম-কাজক সমালোচনা কৰে। গহপুৰৰ খেৰণিগেটত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত ৪০ জন লোকে বিপিএফত যোগ দিয়ে। উল্লেখযোগ্য যে, শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ কাইলৈ ঢেকিয়াজুলিত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব।

অধিক পঢ়ক

সকলো চাওক