♦ অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বিজয় সংকল্প যাত্ৰাত অংশ লয়। এই সভাত বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিটিআৰৰ মুৰববী প্রমোদ বড়োৱেও অংশগ্ৰহণ কৰে।
https://x.com/himantabiswa/status/1775081200681427404?s=20
মুখ্যমন্ত্ৰীয়ে আজি দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্রিলত নির্বাচন হ’বলগীয়া ডিফু সমষ্টিৰ বিজেপি প্রার্থী অমৰ সিং তিছোৰ হৈ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এখন প্ৰচাৰ সভাত অংশ লয়। তেওঁ নিজৰ ভাষণত বিৰোধী দলক সমালোচনা কৰি বিজেপি প্রার্থীগৰাকীক জয়ী কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। ইপিনে, চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে প্ৰচাৰ চলায়। তেওঁ জজোলী পাঁচআলি, কচুমাৰী আৰু ডবাতিনিআলি প্ৰেক্ষাগৃহত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাকেইখনত ভালেসংখ্যক লোকে বিজেপিত যোগ দিয়ে।
Read More News :
- বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটত বৰপেটা জিলা দলৰ বিজয়
- পোখৰাণত ভাৰতীয় বায়ু সেনাৰ সৰ্ববৃহৎ অনুশীলন গগণ শক্তিৰ আয়োজন
- লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বাবে নির্বাচন আয়োগৰ ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ
আটাইকেইখন সভাতে ৰাজ্যৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। বিত্তমন্ত্রী অজন্তা নেওগে আজি তপন কুমাৰ গগৈৰ হৈ মৰিয়নী সমষ্টিৰ চিন্তামণি গাঁও পঞ্চায়তত প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ত ৭ মে’ত হ’বলগীয়া নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে আজি বৰপেটা আৰু পাকা বেতবাৰীৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। একেদৰে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আজি চিৰাং জিলাৰ বিজনীত মটৰ চাইকেল সমদল উলিওৱা হয়। ইপিনে, যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰচাৰ অব্যাহত ৰাখিছে। প্রার্থীগৰাকীয়ে আজি পুৱাৰ ভাগত শিৱসাগৰৰ জয়সাগৰত থকা প্ৰবীণ ক্রীড়াবিদ অর্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ সৈতে সৌজন্যমূলক মত-বিনিময় কৰে। ৰাজ্যৰ অন্যান্য প্রান্তত এ আই ইউ ডি এফ, আম আদমী পার্টি, তৃণমূল কংগ্ৰেছ, চিপিআই (এম)কে ধৰি ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে।