বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছে। তেওঁ লগতে দলীয় কর্মীসকলক সকলো পুৰণি নির্বাচনী অভিলেখ ভংগ কৰাৰ সংকল্পৰে কাম কৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে আজি নমো এপৰ জৰিয়তে ডিজিটীয় ৰেলীক সম্বোধন কৰি এইদৰে আহ্বান জনায়।

Read Now : 

তেওঁ কয় যে, ভোটগ্রহণ কেন্দ্ৰৰ কৰ্মীসকলে চৌপাশৰ ঘটনাক্ৰমক লৈ সজাগ হৈ থাকিব লাগিব কাৰণ তেওঁলোকে বিজেপি পৰিচয়স্বৰূপ। প্রধানমন্ত্ৰীয়ে প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত অভিলেখ বিজয় সাব্যস্ত কৰাৰ বাবে বুথ পৰ্যায়ৰ উচিত প্ৰস্তুতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া চম্ভল, বদায়ু, বৰেলী, আৱলা, এটা, হাথৰছ, আগ্রা, ফতেহপুৰ চিক্ৰী, ফিৰোজাবাদ, আৰু মেইনপুৰী সংসদীয় সমষ্টিৰ কৰ্মীসকলে এই ডিজিটীয় ৰেলীত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে কয় যে বিগত ১০ বছৰত উত্তৰ প্ৰদেশৰ বিজেপি কৰ্মকৰ্তাসকলে দেশৰ ৰাজনৈতিক বিশেষজ্ঞসকলক ভূল প্রতিপন্ন কৰিছে। তেওঁ কয় যে লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপি কর্মীসকলে কঠোৰ পৰিশ্ৰমৰ নতুন অভিলেখ গঢ়িছে।

অধিক পঢ়ক

সকলো চাওক