ডাউনলোড
মোবাইল এপ

android apple
signal

শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা

নির্বাচন আয়োগে অবৈধ সুৰা, নগদ ধন, মাদক দ্রব্য, অস্ত্ৰ শস্ত্ৰ আৰু উপঢৌকনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে আন্তৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত চোকা নজৰ ৰাখিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানসকলক নির্দেশ দিছে। আয়োগে লগতে তেওঁলোকক শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। নির্বাচন আয়োগে আজি নতুন দিল্লীত আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা আৰু মূল্যায়নৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়।

আয়োগে এটা বিবৃতিযোগে কৈছে যে সীমান্তত পহৰাৰত কেন্দ্ৰীয় সংস্থাসমূহৰ বিষয়ববীয়াসকলৰ মাজত বাধাৰহিত সমন্বয় আৰু সহযোগিতাৰ বাবে সংশ্লিষ্ট সকলো পক্ষক একগোট কৰাই এই যৌথ পৰ্যালোচনা বৈঠকৰ মূল্য উদ্দেশ্য। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৰ সৈতে বৈঠকত অধ্যক্ষতা কৰে। এই উপলক্ষে ৰাজীৱ কুমাৰে মুক্ত, নিকা, শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সংশ্লিষ্ট সকলো পক্ষকে নির্বাচনী প্ৰক্ৰিয়াৰ সততা বৰ্তাই ৰখাৰ বাবে আৰু সকলোকে সমান সুযোগ প্ৰদান কৰাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায়।

Read Now : 

শ্ৰীকুমাৰে সকলো ভোটদাতাই যাতে নির্ভয়ে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে তাক সুনিশ্চিত কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নির্দেশ দিয়ে। বৈঠকত আয়োগে অৰুণাচল প্ৰদেশ, চত্তিশগড় আৰু মহাৰাষ্ট্ৰৰ দৰে ১১ খন দুৰ্গম ৰাজ্যলৈ নিৰ্বাচনী দল কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনা আৰু অসামৰিক বিমান পৰিবহন বিভাগে আগবঢ়োৱা সহায়ৰ পৰ্যালোচনা কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক